কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা হেৰিছ জয়ী হ’লে নতুন ইতিহাস ৰচনা হ’ব। কাৰণ আমেৰিকাত আজি পৰ্যন্ত কোনো মহিলা ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱা নাই। তদুপৰি ভাৰতীয় তথা আফ্ৰিকা মূলৰ এগৰাকী কৃষ্ণাংগ মহিলা ৰাষ্ট্ৰপতি হোৱাৰো কৃতিত্ব অর্জন কৰিব কমলা হেৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা ইতিমধ্যে আৰম্ভ হৈছে। ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ট ট্ৰাম্প আৰু ডেম’ক্ৰেট প্ৰাৰ্থী কমলা হেৰিছৰ মাজত চলিছে তুমুল যুঁজ। কমলা হেৰিছ যাতে জয়ী হয়, তাৰ বাবে তামিলনাডুত থকা কমলাৰ হেৰিছৰ মাতৃৰ গাঁৱত চলিছে পূজা-অৰ্চনা । তামিলনাডুৰ মাডুৰাইৰ থুলচেন্দ্ৰপুৰম গাঁৱত কমলা হেৰিছৰ প্ৰয়াত মাতৃৰ ঘৰ। এই গাঁৱতেই জন্ম লাভ কৰিছিল কমলা হেৰিছৰ মাতৃয়ে। সৰু হৈ থাকোঁতেই মাতৃৰ সৈতে এই গাঁৱলৈ আহিছিল কমলা হেৰিছ। মাতৃৰ গাঁৱৰ মন্দিৰত অনুশানাথৰ অনুকৰগ্নি সংগঠনৰ দ্বাৰা কমলা হেৰিছৰ বিজয় প্রার্থনাৰে পূজা-অর্চনা কৰা হয়।  উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে এইবাৰৰ ৰাষ্ট্ৰপতি নির্বাচনত জয়ী হোৱাতো কামনা কৰিছে অনুকৰগ্নি সংগঠনৰ সমূহ কৰ্মকৰ্তা তথা থুলচেন্দ্ৰপুৰম গাঁওবাসীয়ে ।

কিন্তু অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিল । আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্ৱাচিত হ’ল ড’নাল্ড ট্রাম্প । আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ড’নাল্ড ট্রাম্পে । অথলে গ’ল থুলচেন্দ্ৰপুৰমবাসীৰ প্ৰাৰ্থনা ।

America electionassamdonald trumpinternationalKamala HarrisUSA Election
Comments (0)
Add Comment