বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু

মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে ।

১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন “কিকি” মাৰ্গাৰেটা হাকানছনৰ। ১৯৫১ চনত মিছ ছুইডেন বিশ্ব প্ৰতিযোগিতাত কিকিয়ে অংশগ্ৰহণ কৰে আৰু তাৰ পিছত উদ্বোধনী মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ১৯৫১ চনৰ ২৯ জুলাইত ২৩ বছৰ বয়সত বৰ্তমান লাইচিয়াম থিয়েটাৰ নামেৰে জনাজাত লাইচিয়াম বলৰুমত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়লাভ কৰে। যদিও তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰিছিল, কিন্তু এই প্ৰতিযোগিতাখনৰ নাম আছিল ফেষ্টিভেল বিকিনি কনটেষ্ট । কিয়নো মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ আয়োজক এৰিক মৰ্লিয়ে ব্ৰিটিছ উৎসৱত সাঁতোৰৰ সাজ-পোছাকৰ বিজ্ঞাপন দিব বিচাৰিছিল। আনকি কিকিক বিকিনি পিন্ধাই মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা হৈছিল । এই ঘটনাক পোপ দ্বাদশ পাইউছেও নিন্দা কৰিছিল।

যেতিয়া মৰ্লিয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখনক বাৰ্ষিক অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল, তেতিয়া বিকিনি নিষিদ্ধ কৰা হৈছিল আৰু তাৰ ঠাইত সামান্য সাঁতোৰ পোছাক ব্যৱহাৰ কৰাৰ পোষকতা কৰিছিল ।  যাৰ ফলত কিকি বিকিনি পিন্ধি মুকুট পিন্ধা একমাত্ৰ খিতাপধাৰী হৈ পৰে। ২০০০ চনত মৰ্লিৰ মৃত্যুৰ পিছত এতিয়া মৰ্লিৰ পত্নী জুলিয়া মৰ্লিয়ে এই প্ৰতিযোগিতাখনৰ নেতৃত্ব দিছে।

জুলিৱাই ইনষ্টগ্ৰাম পোষ্টত লিখিছে, “কিকি আছিল এগৰাকী প্ৰকৃত পথ প্ৰদৰ্শক আৰু সেয়েহে কিকিয়ে প্ৰথমখন ‘মিছ ৱৰ্ল্ড’ হোৱাৰ ক্ষেত্ৰত ইতিহাসত নিজৰ স্থান লাভ কৰাটো উপযুক্ত আছিল। আমি চিৰকাললৈকে প্ৰথম মিছ ৱৰ্ল্ড কেৰ্ষ্টিন (কিকি) হাকানছনৰ স্মৃতি জীয়াই ৰাখিম, তেওঁ আমাৰ হৃদয়ত চিৰদিনৰ বাবে আছে।“

assamdnortheastKiki HakanssonMiss World
Comments (0)
Add Comment