কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুতৰ অভিযোগ

সমাগত ৰাজ্যৰ উপ-নিৰ্বাচন । ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক-বিৰোধী সকলো । তাৰ মাজতেই কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাই উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, বিহালী বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনে নিৰ্বাচন খেলিবলৈ টিকটৰ নামত প্ৰায় ২ কোটি টকা দিয়া বুলি সৰ্বত্ৰ তীব্ৰ চৰ্চা চলিছে । এই টকা এক অংশ কংগ্ৰেছ দলৰ যোৰহাটৰ এজন জ্যেষ্ঠ নেতা আৰু আন এক অংশ ৰাজস্থানৰ আলৱাৰৰ এজন জ্যেষ্ঠ নেতালৈ প্ৰেৰণ কৰা হৈছিল । মন্ত্ৰী গৰাকীয়ে কোনো নেতাৰ নাম স্পষ্টকৈ উল্লেখ নকৰিলেও, জনসাধাৰণে অনুমান কৰি ল’ব পাৰিছে যে তেওঁ কাৰ কথা কৈছে ।

উল্লেখযোগ্য যে বিহালী সমষ্টিত এক সবল স্থিতিত উপনীত হৈছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা । বিহালীত কংগ্ৰেছৰ দুৰ্গ খহাবলৈ উঠি পৰি চেষ্টা কৰিছে বিজেপিয়ে । যাৰ বাবে বিজেপিৰ মন্ত্ৰী – বিধায়ক সকলেও বিহালীত ইতিমধ্যে বাহৰ পাতিছে । ইফালে গৌৰৱ গগৈৰ নেতৃত্বত দুৰন্ত গতিত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই ।

assambjpcongressdnortheastpijush hazarikapolitics
Comments (0)
Add Comment