আজি ষঠ পূজা

আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা পালন কৰা হয়। এই উৎসৱৰ মূল দেৱতা হৈছে সূৰ্য। ষষ্ঠী তিথিত অনুষ্ঠিত হোৱা বাবে ষষ্ঠী শব্দৰ পৰাই উৎসৱটোৰ নাম ষট বা ষঠ হৈছে বুলি কোৱা হয় । প্ৰধানতঃ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । চাৰিদিন ধৰি এই পূজা সম্পূৰ্ণ ৰীতি-নীতিৰে পালন কৰা হয় । এই পূজাৰ বাবে ৩৬ ঘণ্টা সময় কঠোৰ ব্ৰত কৰে । আনন্দময় বৈবাহিক জীৱন আৰু নিজৰ স্বামীৰ দীৰ্ঘায়ু কামনাৰে মহিলাসকলে এই পূজাত প্ৰাৰ্থনা আগবঢ়ায় । ষঠ পূজাৰ দিনা কোনো নদী বা পুখুৰীত স্নান কৰি ভক্তসকলে সূৰ্য দেৱতাক পূজা কৰে ।

ষঠ পূজা উপলক্ষে গুৱাহাটী মহানগৰীত প্ৰশাসনৰ তৰফৰ পৰা কিছু নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । ষঠ পূজাৰ উদযাপন কমিটি সমূহে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব । প্ৰতিখন পূজা মণ্ডপতেই চিকিৎসকৰ দলৰ ব্যৱস্থা কৰিব লাগিব। পূজাস্থলীসমূহত ডাষ্টবিনৰ ব্যৱস্থা থাকিব লাগিব । নিশা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰৰ সময়ছোৱাত ফটকা ফুটাব পাৰিব । মাজনিশালৈ উচ্চ স্বৰত গান বজাব নোৱাৰিব । মণ্ডপত পৰ্যাপ্ত পৰিমাণৰ পানী আৰু পোহৰৰ ব্যৱস্থা থাকিব লাগিব । প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক ব্যৱস্থা হ’ব লাগিব । সকলো পূজাস্থলীতেই চিচি টিভি কেমেৰা থকাতো বাঞ্ছনীয় ।

assamchhath pujaCulturednortheastFestival
Comments (0)
Add Comment