আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

আজি ১৬ নৱেম্বৰ, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰৰ দৰে এইবাৰো সমগ্ৰ ৰাষ্ট্ৰই আজি পালন কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ মাধ্যমসমূহ এটি মুক্ত আৰু দায়িত্বশীল অনুষ্ঠান বুলি স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয় । আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এক নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমবোৰে সঠিক মানদণ্ড বজাই ৰাখে আৰু কোনো প্ৰভাৱ বা ভাবুকিৰ দ্বাৰা যাতে সংবাদ মাধ্যম তথা সংবাদ গোষ্ঠীসমূহ প্ৰভাৱান্বিত নহয়। ১৯৯৭ চনৰ পৰা, এই কাউন্সিলে প্ৰাসঙ্গিক বিষয়বস্তুসমূহৰ সৈতে সংগতি ৰাখি বিভিন্ন আলোচনাচক্ৰ অনুষ্ঠিত কৰি এই প্ৰেছ দিৱস পালন কৰি আহিছে। ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষাৰ স্বাৰ্থত ১৯৬৬ চনৰ আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া গঠন কৰা হৈছিল।

প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত “প্ৰেছৰ প্ৰকৃতি পৰিৱৰ্তিত” শীৰ্ষক বিষয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰিব ।এই অনুষ্ঠান উদ্বোধন কৰিব কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে । সমান্তৰালভাৱে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আজি ৰাজ্যিক ভিত্তিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হ’ব । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকিব মন্ত্ৰী পীযুষ হাজৰিকা আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকিব অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ড° কুলধৰ শইকীয়া ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সামাজিক মাধ্যমযোগে পোষ্ট শ্বেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এনেদৰে লিখে “আজিৰ এই বিশেষ দিনটোত সাংবাদিক বন্ধুসকলৰ লগতে সংবাদ ক্ষেত্ৰৰ সৈতে যিকোনো ধৰণে জড়িত সংবাদ কৰ্মীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

assamdnortheastIndiaNational Press DayPress
Comments (0)
Add Comment