দেৱেন্দ্ৰ ফাড়নাবিছ হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম । দেৱেন্দ্ৰ ফাড়নাবিছেই হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । বিজেপিৰ বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হয় সিদ্ধান্ত। ​​৫ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাবিছে ।

অৱশেষত সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই মহাৰাষ্ট্ৰত ঘোষণা কৰা হ’ল পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম । মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰীৰ দৌৰত আছিল মহাৰাষ্টৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ । বৃহস্পতিবাৰে মুম্বাইৰ আজাদ ময়দানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি সূত্ৰৰ পৰা জনিব পৰা গৈছে । মহাযুতিৰ তিনিজন অংশীদাৰ বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাবিছ, শিৱসেনাৰ একনাথ সিন্দে আৰু এন চি পিৰ অজিত পাৱাৰ আটাইকেইজনেই মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী বুলি চৰ্চা আৰম্ভ হৈছিল । অৱশেষত একনাথ সিন্দেও মুখ্যমন্ত্ৰী দৌৰৰ পৰা আঁতৰি আহে । শেষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম চূড়ান্ত কৰে বিজেপিয়ে । একনাথ সিন্দে আৰু অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

assamChief MinisterDevendra FadnavisdnortheastMaharashtra
Comments (0)
Add Comment