ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম’ৰ ।

অৱশেষত অন্ত পৰিল অপেক্ষাৰ । নাছাৰ পৰা আহিল সেই ভাল খবৰটো । অহা ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম’ৰ ।

ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰ, যাক সমগ্ৰ বিশ্বতে আৱদ্ধ মহাকাশচাৰী বুলি জনা যায়।মহাকাশলৈ গৈ আবদ্ধ হৈ পৰা মহাকাশচাৰী সুনীতা আৰু বাচ্চ উইলমোৰে প্ৰত্যাৱৰ্তন কৰোৱাটো ‘নাছা’ৰ বাবে এক‌ প্রত্যাহ্বান হৈ পৰিছিল।বাচ্চ উইলমোৰ আৰু সুনীতা উইলিয়ামছে বোয়িংৰ নতুন ষ্টাৰলাইনাৰ ক্ৰু কেপচুলত এসপ্তাহৰ পৰীক্ষামূলক ভ্ৰমণৰ বাবে মহাকাশলৈ গৈছিল।মাত্র সাতটা দিনৰ বাবে গৈ মহাকাশত ইতিমধ্যে ছমাহ অতিক্রম কৰিছে ভাৰতীয় মূলৰ মহাকাশচাৰীগৰাকীৰ লগতে তেওঁৰ সহযাত্রী বাচ্চ উইলমোৰে।নাছাই সদৰী কৰা অনুসৰি অহা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত হয়তো সুনীতা আৰু উইলম’ৰক ওভতাই আনিব পৰা যাব।

ইয়াৰ বাবে সাজু কৰি থকা হৈছে এখন বিশেষ স্পেচ এক্স ড্রেগন স্পেচএয়াৰ ক্রাফ্ট

উল্লেখ্য যে যোৱা ৫ জুনত সুনীতা আৰু বাচ্চ উইলম’ৰে মহাকাশ অভিমুখে যাত্রা কৰিছিল।আৰু তাত তেওঁলোকে ৮ দিনত মহাকাশ সম্পর্কীয় গবেষণা কর্ম সামৰি পৃথিৱীলৈ উভতি অহাৰ কথা আছিল।কিন্তু কাৰিকৰী বিজুতিৰ বাবে মহাকাশচাৰী দুগৰাকী বিগত প্রায় দুমাহ ধৰি মহাকাশ‌ কেন্দ্রতে আবদ্ধ হৈ থাকিব লগা হয়।ইফালে ফেব্ৰুৱাৰীত তেওঁলোকে পৃথিৱীলৈ প্রত্যাবর্তন কৰাৰ পূৰ্বে আন্তঃবাষ্ট্রীয় মহাকাশ আস্থানত কৰা গৱেষণাসমূহৰ নমুনা তথা গবেষণা সামগ্রীসমূহ পৃথিৱীলৈ কঢ়িয়াই অনাৰ বাবে নাছাই ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।লগতে মহাকাশ আস্থানত চলিত সপ্তাহৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা গৱেষণাৰ নমুনাসমূহ ডীপ ফ্রীজৰ পৰা প’ৰ্টেল ফ্ৰীজলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰা হয়।দুয়োজন মহাকাশচাৰী অভিজ্ঞ মহাকাশ ভ্ৰমণকাৰী বুলি অভিহিত হৈছে।আৰু তেওঁলোকে সম্পূৰ্ণ ক্ৰু সদস্য হিচাপে একত্ৰিত হৈছিল।লগতে তেওঁলোকে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত সহায় কৰিছিল আৰু দৈনন্দিন কাম যেনে ভঙা শৌচালয় মেৰামতি কৰা, বায়ুৰ ভেণ্ট ভেকুৱাম কৰা, আৰু উদ্ভিদৰ যত্ন লোৱা আদিৰ সৈতে মোকাবিলা কৰিছিল। সুনীতা উইলিয়ামছে ছেপ্টেম্বৰত ষ্টেচন কমাণ্ডাৰ হিচাপেও আগবাঢ়িছিল।ইফালে দ্বিতীয়বাৰৰ বাবে মহাকাশলৈ যোৱা সুনীতা উইলিয়াম্ছ আৰু সহযাত্ৰী বুশ্ব উইলম’ৰে এই সময়ছোৱাত বিভিন্ন অণুজীৱ, বেক্টেৰীয়া, বীজাণু,
আণুবংশিক গতিবিধি, জীৱৰ প্ৰতিৰোধ ক্ষমতা আদিৰ বিষয়ে গৱেষণা কৰে।তদুপৰি মহাকাশ গবেষণা কেন্দ্ৰত আবদ্ধ হৈ থকা এই দীঘলীয়া সময়ছোৱাত সুনীতা আৰু উইলম’ৰে ‘লেটুছ’ জাতীয় কৃষি কৰে বুলিও‌ জানিব পৰা গৈছে।পিছে নাছাই জনোৱা মতে খোৱাৰ বাবে নহয়, বৰঞ্চ গৱেষণাৰ স্বাৰ্থত সুনীতা আৰু উইলম’ৰে এই খেতি কৰে।এই গৱেষণাৰ মূল লক্ষ্য হৈছে গছক কিমান পৰিমাণৰ পানী দিলে তাৰ শ্ৰীবৃদ্ধি কিমান হয় তথা নাছাৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে মহাকাশলৈ, ৰাওনা হোৱাৰ পূৰ্বে সুনীতা আৰু উইলম’ৰৈ এই বিষয়ে পৰীক্ষা-নিৰীক্ষাৰ প্রস্তুতি লৈছিল। তদুপৰি মহাকাশত চালাদ পাত জাতীয় ‘লেটুছ’ৰ খেতি কৰাৰ পূৰ্বে ইয়াক পৰিচৰ্যা কৰাৰ বাবে ব্যৱহাৰ কৰা পানীৰ নমুনাও পৰীক্ষা কৰে। এই গৱেষণা সফল হ’লে অদূৰ ভৱিষ্যতে দীঘলীয়া মহাকাশ অভিযানৰ ক্ষেত্ৰত খাদ্যৰ সমস্যা পুৰণ কৰিব পৰা যাব।

assamAstronautdnortheastSunita Williams
Comments (0)
Add Comment