প্ৰায় ১৪ মাহ ধৰি অবিৰত ভাৱে চলা ইজৰাইল আৰু হিজবুল্লাহৰ ভয়াবহ যুদ্ধৰ অন্তত যুদ্ধ বিৰতি ঘোষণাৰ বাবে সন্মতি জনায় ইজৰাইল আৰু হিজবুল্লাহে । যুদ্ধ বিৰতি ঘোষণা হোৱাৰ ১৫ দিনৰ পিছতেই পোহৰলৈ আহিছে ইজৰাইলে লেবাননত আক্ৰমণ কৰাৰ তথ্য ।
ইজৰাইলে পুনৰ আক্ৰমণ চলালে দক্ষিণ লেবাননত । অৱশ্যে এই আক্ৰমণ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহক লক্ষ্য কৰি আছিল বুলি ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে । ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে জনাইছে যে ইজৰাইল বায়ু সেনাৰ এখন বিমানে দক্ষিণ লেবাননত কাম কৰি থকা সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ কেইটামান সন্ত্ৰাসবাদীক লক্ষ্য কৰি আক্ৰমণ কৰিছে । সেনাই দাবী কৰা মতে ইজৰাইল আৰু লেবাননৰ মাজত যুদ্ধবিৰতি চুক্তি উলংঘা কৰি ইজৰাইলৰ বাসিন্দাসকলৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছিল সন্ত্ৰাসবাদীকেইটাই ।