আজি ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা ৰাজ কাপুৰৰ শতবাৰ্ষিক জন্মদিন ৷ অভিনেতা ৰাজ কাপুৰৰ পৰিয়ালটো পূৰ্বৰে পৰা মনোৰঞ্জন জগতৰ সৈতে জড়িত আছিল ৷ ৰাজ কাপুৰৰ ভাতৃ শাম্মী আৰু শশী, পুত্ৰ ঋষি আৰু নাতি-নাতিনী কৰীণা আৰু ৰণবীৰও বলীউডৰ সৈতে জড়িত ৷
১৯২৪ চনৰ ১৪ ডিচেম্বৰত পেছাৱাৰত ৰাজ কাপুৰৰ জন্ম হৈছিল ৷ ১০ বছৰ বয়সত ৰাজ কাপুৰে কেৰিয়াৰৰ আৰম্ভণি কৰিছিল ৷ ১৯৩৫ চনত মুক্তি লাভ কৰা ইনকিলাব নামৰ ছবিখনত তেওঁ অভিনয় কৰিছিল ৷ ১২ বছৰৰ পিছত সেই সময়ৰ জনপ্ৰিয় অভিনেত্ৰী মধুবালাৰ সৈতে নীলকমল ছৱিত অভিনয় কৰে ৷ ৰাজ কাপুৰে ২৪ বছৰ বয়সত এটি ষ্টুডিঅ’ নিৰ্মাণ কৰিছিল আৰু সেই ষ্টুডিঅ’ৰ নাম দিছিল আৰ কে ষ্টুডিঅ’ ৷ ১৯৪৯ চনত দিলীপ কুমাৰ আৰু নাৰ্গিছৰ সৈতে আন্দাজত কৰা অভিনয়ৰ বাবে অভিনেতাজনে ভূঁয়সী প্ৰশংসা লাভ কৰিছিল ৷ ৰাজ কাপুৰৰ কেৰিয়াৰৰ সবাতোকৈ জনপ্ৰিয় ছবি হৈছে ১৯৭০ চনত মুক্তি লাভ কৰা “মেৰা নাম জ’কাৰ” ৷ য’ত তেওঁ পৰিচালনা, প্ৰযোজনা কৰাৰ লগতে ৰাজু দ্য ক্লাউন হিচাপে অভিনয়ো কৰিছিল ৷ তেওঁ আৱাৰা, শ্ৰী ৪২০, আগ, বৰসাত, মেৰা নাম জ’কাৰ আৰু সত্যম শিৱম সুন্দৰমৰ দৰে চলচ্চিত্ৰত কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰি তুলিছিল ৷
চলচিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ কাপুৰে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছিল পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে বঁটা ৷ ইয়াৰোপৰি তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা, ১১ টা ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল ৷