নদী পৰ্যটনক কেন্দ্ৰ হিচাপে লৈ অসম পৰ্যটন বিভাগৰ উদ্যোগত আৰম্ভ কৰা হৈছে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল।মহানগৰীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত আৰম্ভ হৈছে এই মহোৎসৱ।এই মহোৎসৱ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ।১৫ মাৰ্চলৈ চলিব এই মহোৎসৱ।দেশী- বিদেশী পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে ব্ৰহ্মপুত্ৰ কার্ণিভেল আয়োজন কৰা বুলি পর্যটন উন্নয়ন নিগমে সদৰী কৰে। আনহাতে কাৰ্ণিভেলত পৰ্যটকৰ বাবে থাকে বিশেষ ব্যৱস্থা।
নদী পৰ্যটনৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ । ৯০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল । ১৫ ডিচেম্বৰৰ পৰা ১৫ মাৰ্চলৈ চলিব বালিচৰত ব্ৰহ্মপুত্ৰ কাৰ্নিভেল । অসম পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল মহোৎসৱ ।
মহাবাহু ব্ৰহ্মপুত্ৰৰ নদী পৰ্যটনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আৰম্ভ হৈছে তৃতীয় ব্রহ্মপুত্র কার্নিভেল মহোৎসব।গুৱাহাটীৰ লাচিত ঘাটৰ ব্ৰহ্মপত্ৰৰ বালিচৰত অনুষ্ঠিত ব্রহ্মপুত্র কার্ণিভেল মহোৎসৱ সম্পূর্ণ তিনিমাহ ধৰি চলিব। অৰ্থাৎ ৯০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল মহোৎসৱ।অসম পর্যটন উন্নয়ন নিগমৰ উদ্যোগত লাচিত ঘাটত আৰম্ভ হোৱা মহোৎসৱৰ উদ্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই।বিগত ৩ বছৰৰ দৰে এইবাৰো নদী পৰ্যটনৰ প্ৰচাৰৰ উদ্দেশেৰে আড়ম্বপূর্ণ কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ কার্ণিভেলৰ আয়োজন কৰা হয়।উল্লেখ্য যে মহাবাহুৰ পাৰত নৈসর্গিক পৰিৱেশৰ মাজত প্রযুক্তিগত চিন্তাৰে উত্তৰ পূৰ্বাঞ্চলবাসীৰ লগতে দেশী- বিদেশী পৰ্যটকক আকৰ্ষণৰ লক্ষ্যৰে ব্ৰহ্মপুত্ৰ কার্ণিভেলৰ আয়োজন কৰা বুলি পর্যটন উন্নয়ন নিগমে সদৰী কৰে। মহোৎসৱস্থলীত অংশগ্রহণ কৰিছে অসমৰ থলুৱা তথা পৰম্পৰাগত খাদ্য, সাজ-পোছাকৰ বিপণীৰ লগতে বহিঃৰাজ্যৰো বহু বিপণীয়ে ।
আনহাতে এই মহোৎসত বিভিন্ন ক্ৰীড়াৰ লগতে এডভেঞ্চাৰ, ৱাটাৰ ৰাফটিঙৰ ব্যৱস্থা কৰা হয়।তদুপৰি পৰ্যটক তথা যিকোনো ব্যক্তিয়ে নদীৰ পাৰত নিশা কটোৱাৰ বাবেও বিশেষ টেণ্টৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে।আৰক্ষী তথা এছডিআৰএফক ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল মহোৎসৱৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত কৰা হৈছে।ইফালে এই মহোৎসৱত বিভিন্ন শিল্পীৰ কণচাৰ্টৰ ব্যৱস্থা ৰখা হয়।লগতে কাৰ্ণিভেলত উপলব্ধ হ’য় বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰী আৰু বস্ত্ৰ সম্ভাৰ।লগতে পৰ্যটকৰ বাবে উপলব্ধ হ’য় water activities ৰ সুবিধা। উৰিষ্যাৰ অভিজ্ঞ লোকৰ জৰিয়তে পৰিচালনা কৰা হ’য় এই water activities।এক নৈসৰ্গিক পৰিৱেশৰ মাজত প্ৰযুক্তিগত চিন্তাৰে উত্তৰ-পূৰ্বাঞ্চলবাসী তথা দেশী-বিদেশী পৰ্যটকক আমোদ দিয়াৰ উদ্দেশ্যৰে অহা ১৫ মাৰ্চলৈ গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত হ’ব এই ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল।