ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খৱৰ!

ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খৱৰ আনিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।আজি লখিমপুৰত উপস্থিত হৈ কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰত দেওবাৰে অসম চৰকাৰৰ ‘বিকাশৰ ১২দিন’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়াৰে পৰা বিনামূলীয়াকৈ নহ’লেও সুলভ মূল্যত চাউল, দাইল আৰু চেনি দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। লখিমপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এইমাহৰ ১৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। নতুন নিয়ম অনুসৰি অৰুণোদয় আঁচনিৰ বাবে ঘৰত এখন ৰেচন কাৰ্ড থাকিব লাগে।’
ৰেচন কাৰ্ড থকাসকলে গাঁওসভাত জমা দি অৰুণোদয় পাব পাৰিব। ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ সুবিধাও পাব। আয়ুষ্মান কাৰ্ড নাথাকিলে ৰেচন কাৰ্ডযোগেদিও ৫ লাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব।’ এই ঘোষণাও কৰে মুখ্যমন্ত্ৰীয়ে।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘ৰেচন কাৰ্ড থাকিলে আয়ৰ বাবে গাঁওবুঢ়া অথবা মৌজাদাৰৰ প্ৰমাণপত্ৰ নালাগে। ৰেচন কাৰ্ডৰ জৰিয়তে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পৰা যাব।

assamAssam Governmentdnortheasthimanta biswa sarma
Comments (0)
Add Comment