বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীৰ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে সদৰী কৰা অনুসৰি ৰাজ্যজুৰি পুনৰ আৰম্ভ হ’ল বাল্য বিবাহ বিৰোধী অভিযান । এইবাৰ ৰাজ্যজুৰি তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হৈছে । শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে শনিবাৰে নিশা বাল্য বিবাহ বিৰোধী অভিযান চলাই ৪০০ৰো অধিক লোকক আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজ্যত পূৰ্বে দুবাৰকৈ চলিছিল বাল্য বিবাহ বিৰোধী অভিযান । পূৰ্বে বাল্য বিবাহৰ অভিযোগত সহস্ৰাধিকক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু সংখ্যক গোচৰ ৰুজু কৰিছিল ।
বাল্য বিবাহ বিবাহ অভিযানত ধুবুৰীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ লগত জড়িত বহু কেইজনকো গ্ৰেপ্তাৰ কৰিছে।বিলাসীপাৰাৰ কাজাইকাটা, চুৱাপাতা, হাতিপোতা, মায়াৰচৰ,পষুৱাৰখাল, আন্দুৰঝাৰ আদি বিভিন্ন চৰাঞ্চলৰ পৰা আটক কৰে।বাল্য বিবাহৰ লগত জড়িত থকাৰ অভিযোগত আটক ১৫ জন ব্যক্তিক।সাপটগ্ৰাম আৰক্ষীৰ অভিযানত তিনিজনক আটক।ভেৰভেৰীৰ এজন আৰু ৰাণীগঞ্জৰ পৰা দুজনক আটক কৰে । পৰ্বতঝোৰাৰ চাওগুৰীৰ পৰা এজনক আটক কৰে বগৰিবাৰী আৰক্ষীয়ে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, বাল্য বিবাহৰ বন্ধ কৰাৰ বাবে তৃতীয় পৰ্যায়ৰ অভিযান চলাই এই অপৰাধত ৪১৬ জন লোকক আটক কৰিছে অসম আৰক্ষীয়ে । ইয়াৰ লগতে ৩৩৫টা গোচৰ ৰুজু হৈছে। দেওবাৰে তেওঁলোকক আদালতত হাজিৰ কৰা হ’ব।
ইতিমধ্যে,POCSO আইনৰ অধীনত বহু অভিযুক্তক ১৪ বছৰলৈকে কাৰাদণ্ড বিহিছে।বাল্য বিবাহৰ ক্ষেত্ৰত চৰকাৰে ইতিবাচক পদক্ষেপো লৈ আছে আৰু আইনী ব্যৱস্থাও লৈছে।তাৰ ফলত ২০২৬ চনলৈকে অসমত বাল্য বিবাহ বন্ধ হ’ব বুলি এটা ধাৰণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে।