আজি মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি

আজি ভাৰতীয় বিজ্ঞানী, উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি ।

১৯১৯ চনৰ ১২ আগষ্টত তাহানিৰ বোম্বেত জন্মগ্ৰহণ কৰিছিল বিক্ৰম অম্বালাল সাৰাভায়ে । বিখ্যাত সাৰাভাই পৰিয়ালত জন্মলাভ কৰা বিক্ৰম সাৰাভাইৰ পিতৃ অম্বালাল সাৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা এগৰাকী বিখ্যাত উদ্যোগপতি আছিল। ১৯৪২ চনত শাস্ত্ৰীয় নৃত্যৰ বিশাৰদ মৃণালিনী সাৰাভাইৰ লগত তেওঁ বিবাহ পাশত আৱদ্ধ হয় আৰু দুয়োৰে যুগ্মজীৱনৰ সাক্ষীস্বৰূপে জীয়ৰী মল্লিকা সাৰাভাই আৰু পুত্ৰ কাৰ্তিকেয় সাৰাভায়ে জন্মগ্ৰহণ কৰে । পিছলৈ জীয়ৰী মল্লিকা এগৰাকী নৃত্যশিল্পী তথা অভিনেত্ৰী আৰু পুত্ৰ কাৰ্তকেয়ই এজন বিজ্ঞানীৰূপে প্ৰতিষ্ঠা লাভ কৰে ।

বিক্ৰম সাৰাভাইৰ প্ৰচেষ্টাতে ১৯৪৭ চনত ভৌতিক গৱেষণাগাৰ স্থাপন হৈছিল। তাত তেওঁ মহাজাগতিক ৰশ্মি বিষয়ক গৱেষণা কৰিছিল। ভাৰতীয় মহাকাশ গৱেষনা সংস্থা স্থাপন কৰা তেওঁৰ এক বিৰল কৃতিত্ব। ভাৰতীয় আণৱিক বিজ্ঞানৰ পিতৃ, হোমি জাহাংগীৰ ভাৱায়ে সাৰাভাইক ভাৰতৰ প্ৰথম ৰকেট উৎক্ষেপণ ষ্টেচন স্থাপন কৰিবলৈ সহায় কৰিছিল। এই কেন্দ্ৰ তিৰুঅনন্তপুৰমৰ ওচৰৰ আৰৱ সাগৰৰ পাৰৰ থুম্বা নামে ঠাইত স্থাপন কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিতে ১৯৭৫ চনত ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট ৰুছীয়াৰ পৰা কক্ষপথত স্থাপন কৰা হয়।  তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল। স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে । ১৯৭১ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ৫২ বছৰ বয়সত কেৰালাৰ তিৰুৱনন্তপুৰমত বিক্ৰম সাৰাভায়ে মৃত্যুবৰণ কৰে আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰে।

assamdnortheastVikram Sarabhai
Comments (0)
Add Comment