অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী, যাৰ সম্পত্তিৰ পৰিমাণ ৯৩১ কোটি টকাতকৈ অধিক। ইয়াৰ বিপৰীতে পশ্চিম বংগৰ মমতা বেনাৰ্জী সৰ্বনিম্ন ধনী, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫ লাখ টকা বুলি সোমবাৰে এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম চমুকৈ (ADR)এ এক প্ৰতিবেদনত প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ বাবে ভাৰতৰ জনমূৰি নিকা ৰাষ্ট্ৰীয় আয় (এন এন আই) প্ৰায় ১,৮৫,৮৫৪ টকা। তাৰ তুলনাত এজন মুখ্যমন্ত্ৰীৰ গড় আয় ১৩,৬৪,৩১০ টকা, যিটো দেশৰ জনমূৰি আয়তকৈ ৭.৩ গুণ বেছি।
ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩১ জন মুখ্যমন্ত্ৰীৰ ভিতৰত ২ জন কোটিপতি। প্ৰতিবেদনত কোৱা হৈছে যে মুখ্যমন্ত্ৰীসকলৰ গড় সম্পত্তিৰ পৰিমাণ ৫২.৫৯ কোটি টকা।
ADR এ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি চন্দ্ৰবাবু নাইডুৰ পিছতেই তালিকাত ৩৩২ কোটি সম্পত্তিৰে সৈতে দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু । ইয়াৰ পিছতেই ক্ৰমে তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া, চতুৰ্থ স্থানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, পঞ্চম স্থানত আছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, ষষ্ঠ স্থানত আছে পুডুছেৰীৰ মুখ্যমন্ত্ৰী এন ৰঙ্গাস্বামী, সপ্তম স্থানত আছে তেলেংগনাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, অষ্টম স্থানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ, নৱম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দশম স্থানত আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা ।