নৱবৰ্ষৰ আৰম্ভণিতে অসমবাসীলৈ আহিল এক ভাল খবৰ। ঘোষণা হ’ল ২০২৪বৰ্ষৰ সপ্তম শৈলধৰ বৰুৱা FILMS AWARDS।শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে সুন্দৰপুৰ কেঅ’ছ ছবিখনে। এক হৃদয়স্পৰ্শী কাহিনীৰে ২০২৪চনৰ ২৫ অক্টোবৰত অসমৰ ছবিগৃগত শুভমুক্তি লাভ কৰিছিল ছবিখনে। মুক্তিৰ পিছতেই ছবিখনে বিশেষ সমাদৰ লাভ কৰিছিল। আৰ চি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী আৰু পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ। আনহাতে প্ৰযোজনাত আছে গায়ত্ৰী হাজৰিকা, ৰমেন্দ্ৰ কুমাৰ চমুৱা আৰু দিগন্ত ঠকুৰীয়া। সংগীত পৰিচালনাৰ বাবে অসম ৰাজ্যিক চলচ্চিত্র বঁটাৰে সন্মানীত হোৱা সৌৰভ মহন্তৰ সংগীত পৰিচালনাৰে নির্মিত হোৱা সুন্দৰপুৰ কেঅছৰ প্ৰথমটি গীত ‘অচিনাকী এই চহৰ’ৰ কথা মঞ্জুলা হাজৰিকাৰ। গীতটিত কণ্ঠ নিগৰাইছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্বানে।দ্বিতীয় গীতটি ‘কিয় জানো আজি’ৰ কথা আৰু কণ্ঠ বিশিষ্ট কণ্ঠশিল্পী ছবিখনৰ অন্যতম প্রযোজক গায়ত্রী হাজৰিকাৰ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ এটি ‘প্রসংগ’ত কণ্ঠদান কৰিছে অসম জনপ্রিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই।
নৱবৰ্ষৰ আৰম্ভণিতে এই ছবিখনে ২০২৪বৰ্ষৰ সপ্তম শৈলধৰ বৰুৱা FILM AWRDSৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে। শ্ৰেষ্ঠ ছবি সম্পাদকৰ বঁটা লাভ কৰিছে ঝুলন কৃষ্ণ মহন্তই। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে সৌৰভ মহন্তই । শ্ৰেষ্ঠ ছিনেমেটোগ্ৰাফাৰৰ বঁটা লাভ কৰিছে চন্দ্ৰ কুমাৰ দাসে।শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে যুটীয়া ভাৱে জ্বলী লস্কৰ আৰু পাৰ্থ হাজৰিকাই।
উল্লেখযোগ্য যে, সুন্দৰপুৰ কেঅছৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তই পৰিচালনা কৰা প্রথমখন ছবি “নদী মাথোঁ বয়” বহু চলচ্চিত্র মহোৎসৱত প্রদর্শন হৈ বঁটা লাভ কৰাৰ উপৰিও বহুল জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।