চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিব সৰ্ববৃহৎ বান্ধ। চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্তৰ লগে লগে বিশ্বজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিভিন্ন ধৰণে নিৰ্ভৰশীল নামনিৰ দেশসমূহত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতেও ইয়াৰ প্ৰতি সঁহাৰি জনাইছে।নদীৰ পানীৰ ওপৰত থকা অধিকাৰৰ লগতে নামনি নৈপৰীয়া ৰাজ্যসমূহৰ স্বাৰ্থৰ কথা উল্লেখ কৰিছে ভাৰতে।
ভাৰতত ব্ৰহ্মপুত্ৰ কাষৰীয়া ৰাজ্যবিলাকৰ কোনো হানি-বিঘিনী হ’ব নোৱাৰিব। উজনি অংশত কৰা নিৰ্মাণে যাতে নামনিৰ ক্ষতি নকৰে, সেয়া নিশ্চিত কৰিব লাগিব। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহত্ নদীবান্ধক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া।চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিবলগীয়া বিভিন্ন জলবিদ্যুৎ প্ৰকল্পৰ বাবে ভাৰতৰ নৈপৰীয়া ৰাজ্যসমূহ যাতে প্ৰভাৱিত নহয়, তাৰ বাবে চীনক গুৰুত্ব আৰোপ কৰিবলৈ ভাৰতৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে তিব্বতত চীনৰ বান্ধ নিৰ্মাণৰ খবৰ সম্পৰ্কে প্ৰকাশ কৰিলে উদ্বিগ্নতা।
ভাৰত চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখহাছিনাক লৈ বাংলাদেশ কৰ্তৃপক্ষৰ পৰা যোগাযোগ লাভ কৰিছিল। এইক্ষেত্ৰত কয় যে, ‘এই সময়ত মোৰ যোগ কৰিবলগীয়া বা ক’ব লগীয়া একো নাই।’ বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে পৰিস্থিতি তীক্ষ্ণ পৰ্যবেক্ষণৰ অধীনত আছে ভাৰতৰ।