ছলমানৰ বাসগৃহ গেলেক্সি এপাৰ্টমেণ্টত মেৰামতিৰ কাম চলি থকাৰ মাজতেই এপাৰ্টমেণ্টটোৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। গেলেক্সি এপাৰ্টমেণ্টৰ বেলকনি আৰু খিৰিকীবোৰ বুলেট প্ৰুফ গ্লাছেৰে মেৰামতি কৰা দেখা গৈছে। ঘৰৰ চাৰিওফালে হাই ৰিজ’লিউচন চিচিটিভি কেমেৰাও স্থাপন কৰা হৈছে।
উল্লেখযোগ্য যে ৮ মাহৰ আগতে ১৪ এপ্ৰিলৰ পুৱা প্ৰায় ৫ বজাত ছলমান খানৰ গেলেক্সি এপাৰ্টমেণ্টত ৪টা গুলী নিক্ষেপ কৰা হৈছিল। গুলীচালনা কৰাসকলক ঘৰৰ বাহিৰত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী কৰা হয়। গুলীচালনা কৰা দেৱালখনৰ লগতেই আছে ছলমানৰ বেলকনি, য’ত তেওঁ অনুৰাগীসকলক লগ কৰিবলৈ আহে।
অৱশ্যে লৰেন্স বিষ্ণৈৰ দলে এই গুলীচালনাৰ দায়িত্ব মূৰ পাতি লৈছিল ।
আনহাতে ১২ অক্টোবৰত ছলমানৰ ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকীক হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ দায়িত্বও লৰেন্স বিষ্ণৈৰ গেঙে বহন কৰিছিল। সেই ঘটনাৰ পিছৰ পৰাই ছলমান খানৰ গেলেক্সি এপাৰ্টমেণ্টৰ বাহিৰত কটকটীয়া নিৰাপত্তা মোতায়েন কৰা হৈছে। তাৰ পিছৰে পৰা ছলমানৰ ঘৰৰ বাহিৰত বা ওচৰত কোনো যান-বাহন ৰৈ থাকিবলৈ দিয়া হোৱা নাই।
২০২৩ চনত লৰেন্স বিষ্ণোইৰ পৰা ভাবুকি পোৱাৰ পিছতেই ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল । আনকি তেওঁক মহাৰাষ্ট্ৰ চৰকাৰে Y+ নিৰাপত্তা প্ৰদান কৰিছিল । ছলমানৰ বাহনখন সন্মুখ আৰু পিছফালৰ পৰা এস্কৰ্ট কৰিবলৈ সদায় দুখন বাহন লগত থাকে। উল্লেখযোগ্য যে ছলমানৰ গাড়ীখনো সম্পূৰ্ণ বুলেটপ্ৰুফ।