ধাৰাষাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে চৌদি আৰৱত । সোমবাৰৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহুকেইখন চহৰত বানৰ সৃষ্টি হৈছে । প্ৰচণ্ড বতাহ আৰু শিলাবৃষ্টিৰ লগতে হোৱা প্ৰচণ্ড বৰষুণে স্থানীয় বাসিন্দাৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাত জন্মাইছে ।
এই বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল ৰিয়াধ, জেদ্দা আৰু আল-মদিনা । আল-মদিনাৰ অন্যতম পবিত্ৰ স্থান মছজিদ-ই-নবাৱীও বৰষুণৰ পানীয়ে বুৰাই পেলাইছে। বহু ঠাইত যান-বাহন চলাচল নিষিদ্ধ হোৱাৰ লগতে বিদ্যালয়সমূহো বন্ধ কৰি দিয়া হৈছে। আনকি বানে কালৰূপ ধাৰণ কৰা অঞ্চলসমূহত জনজীৱন ব্যাহত হৈ পৰিছে । প্ৰশাসনেও জনসাধাৰণৰ বাবে এক সতৰ্কবাণী জাৰি কৰি ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাতায়তৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে । আনহাতে যিকোনো পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাবলৈ প্ৰশাসনে জৰুৰীকালীন সেৱা সাজু কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে কঠোৰ পৰিশ্ৰম কৰিছে। ইফালে বতৰ বিশেষজ্ঞসকলে এই পৰিস্থিতি আৰু কিছুদিনলৈ অব্যাহত থাকিব বুলি জাননী জাৰি কৰিছে। লগতে ৰাইজক সজাগ হৈ চৰকাৰী পৰামৰ্শ মানি চলিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।