প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা প্ৰায় ১০.৪৫ বজাত শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰি সোণামাৰ্গলৈ ৰাওনা হয় । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাত ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ জেদ-মৰ্থ সুৰংগ উদ্বোধন কৰি সোণামাৰ্গ পৰ্যটনস্থলীখন আৰু অধিক উন্নত তুলিছে। দেওবাৰে এই অনুষ্ঠানৰ বাবে শ্ৰীনগৰত উপস্থিত হয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীও। উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাও উপস্থিত থাকে। গণ্ডাৰবল জিলাৰ গংগী আৰু সোণামাৰ্গ সংযোগী ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুইলেনযুক্ত সুৰংগটো ২,৭০০ কোটিতকৈ অধিক ধন ব্যয়ৰে নিৰ্মাণ কৰা হৈছে।
সুৰংগটোত ৭.৫ মিটাৰ বহল জৰুৰীকালীন পথো আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ৮,৬৫০ ফুটতকৈও অধিক উচ্চতাত অৱস্থিত জেদ-মৰ্থ সুৰংগটোৱে শ্ৰীনগৰ আৰু সোণামাৰ্গৰ মাজত সংযোগৰ যথেষ্ট উন্নতি সাধন কৰিব, যাৰ ফলত ভূমিস্খলন প্ৰৱণ আৰু হিমস্খলন প্ৰভাৱিত অঞ্চলসমূহৰ লগতে লেহলৈ যোৱা পথটোও অতি সহজ হৈ পৰিব।