GMCHৰ কেঞ্চাৰ হাস্পাতালত মুকলি হ’ল ৰ’বটিক ছাৰ্জাৰী সেৱা
বহাগ বিহুৰ প্ৰাকক্ষণত উত্তৰ-পূব ভাৰতৰ স্বাস্থ্য খণ্ডত ইতিহাস সৃষ্টি কৰি আজিৰে পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ কেঞ্চাৰ বিভাগত প্ৰৱৰ্তন কৰা হৈছে অত্যাধুনিক অংক’-ৰবটিক অস্ত্ৰোপ্ৰচাৰৰ সুবিধা । এই অত্যাধুনিক সেৱা মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১৪.৯৯ কোটি টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা ভাৰত চৰকাৰৰ NPCDCS আঁচনিৰ অধীনত অসম চৰকাৰে ক্ৰয় কৰিছে ।
এতিয়াৰে পৰা চৰকাৰী চিকিৎসালয়ে অতি কম খৰচত, সঠিক আৰু সহজতেই অংকলজী সম্পৰ্কীয় অস্ত্ৰোপ্ৰচাৰ সুবিধা প্ৰদান কৰিব । এই চিকিৎসা ব্যৱস্থাই ৰাজ্যত কেঞ্চাৰ তথা অন্য জটিল ৰোগৰ আধুনিক চিকিৎসা আৰু অধিক উন্নত আৰু সুলভ কৰি তুলিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলৰ উপস্থিতিত এই চিকিৎসা সেৱাৰ লগত জড়িত যন্ত্ৰসমূহৰ বুজ লয় ।উল্লেখযোগ্য যে অংক ৰবটিক ছাৰ্জাৰীৰ ব্যৱস্থা থকা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম তথা একমাত্ৰ চিকিৎসালয় হিচাপে স্বীকৃতি লাভ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে । অতি কম সময়ৰ ভিতৰতেই এই ব্যৱস্থা ডিব্ৰুগড় আৰু শিলচৰতো উপলব্ধ হ’ব সংবাদ মাধ্যমৰ আগত সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উন্নত বৈশিষ্ট্যৰে সজ্জিত এই চিকিৎসা সেৱাই ৰাজ্যৰ কৰ্কট ৰোগীৰ বাবে এক উল্লেখনীয় অৱদান আগবঢ়াব বুলি আশাবাদী মুখ্যমন্ত্ৰী গৰাকী ।